আমাৰে সখিয়া আকুল বিয়াকুলে

সপোনৰ হাঁহিটি চাই

সপোনত কোঁৱৰে আহুদি আনিলে

মতলীয়া সখী খাই ।

 

দিঠকৰ বাতৰি সপোনত মিলিলে

আছিল সখী বাটে চাই

ফাগুনৰ বতাহে গাতে ছাটি মাৰে

গাতে ছাটি মাৰি যায় ।

 

চুমাৰ পৰশনৰ জুতি পাই সখীয়াৰ

গাতে উৱাদিহে নাই

সখিয়াৰ গাতে উৱাদিহে নাই ।।